মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

আমি কি কৰো

  • লক্ষ্য

    ৰাজ্যখনৰ সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলৰ অৰ্থ-সামাজিক ভেটি টনকিয়াল কৰি সমাজৰ অন্যান্য শ্ৰেণীৰ সকলো সম্প্ৰদায়ৰ সৈতে বিকাশৰ দিশত আগুৱাই নিয়াৰ উদ্দেশ্য অসম সংখ্যালঘূ উন্নয়ন পৰিষদে বিভিন্ন ধৰণৰ বিকাশ কাৰ্যক্ৰম ৰূপায়নত মনোনিবেশ কৰিছে। এই উদ্দেশ্যে বিভিন্ন ধৰণৰ আয় আহৰণকাৰী আঁচনি, দক্ষতা বিকাশমূলক প্ৰশিক্ষণ কাৰযক্ৰম তথা স্ব-নিয়োজিত আঁচনি ৰূপায়ন কৰিছে পৰিষদে।

    অভিযান

    অসমত সংখ্যালঘূ উন্নয়ন পৰিষদে ৰূপায়ন কৰা অভিযানসমূহ ‘দাতব্য’। পৰিষদে মূলতঃ:-

    • অসমত ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলে সন্মূখীন হোৱা সমস্যাসমূহ ফঁহিয়াই চায়।
    • সংখ্যালঘূসকলৰ সাংবিধানিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে দিহা-পৰামৰ্শ দিয়াৰ লগতে সংশ্লিষ্টসকলৰ সামাজিক, বৌদ্ধিক তথা অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত অসম চৰকাৰক যাৱতীয় তথ্য অৱগত কৰি যথোচিত পদক্ষেপ গ্ৰহণৰ উদ্যোগ গ্ৰহণ কৰা।
    • সংখ্যালঘূ লোকসকলৰ পুনৰ সংস্থাপনৰ লগতে অন্যান্য সহযোগিতা আগবঢ়োৱাৰ বাবে আঁচনি যুগুতোৱাৰ লগতে এনেবোৰ আঁচনি ৰূপায়নত তৎপৰতা গ্ৰহণ কৰা।
    • সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে আঁচনি যুগুতোৱা আৰু তেনে আঁচনি ৰূপায়নত সহযোগিতা আগবঢ়োৱা।
    • সংখ্যালঘূ ৰাইজৰ বাবে সুফলপ্ৰদ কৰ্ম আঁচনি ৰূপায়ন কৰাৰ লগতে এই সন্দৰ্ভত বিভিন্ন কাৰ্যকৰী প্ৰতিষ্ঠানসমূহৰ মাজত ,মন্বয়ৰ ভূমিকা পালন কৰা।
    • সংখ্যালঘূ লোকৰ বাবে নিয়োগ সম্ভাৱনা সৃষ্টিত অংশগ্ৰহণ কৰা।
    • সংখ্যালঘূ লোকসকলৰ অৰ্থনৈতিক অনগ্ৰসতাৰ কাৰণসমূহ চিনাক্ত কৰা।
    • সংখ্যালঘূ লোকসকলৰ অৰ্থ-সামাজিক উন্নয়নৰ বাবে আদৰ্শ পৰিকল্পনা যুগুতাই উলিওৱা।
    • বিভিন্নধৰণৰ কল্যাণকামী আঁচনিসমূহৰ মূল্যায়ন তথা বিশ্লেষণাত্মক অধ্যয়ন কৰা।
    • সংখ্যালঘূ সমাজৰ উন্নয়নৰ বাবে নিজাকৈ কিম্বা এনে উন্নয়ন কাৰ্যক্ৰম ৰূপায়নৰে জড়িত হৈ থকা চৰকাৰী, বে-চৰকাৰী অথবা সমবায় খণ্ডৰ সহযোগত কৰ্ম- আঁচনি ৰূপায়ন কৰা।
    • সংখ্যালঘূসকলৰ উন্নয়ন উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ কাম-কাজত বিশেষ ভাৱে সহযোগিতা আগবঢ়োৱা আদি।

    Acts and Rules Administered by the Deptt.

    The Assam Minorities Dev. Board has Memorandum of Association which has been registered under the Societies Registration Act, 21 of 1860 and the rules are framed there under.