মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

ইতিহাস

  • ১৮৬০ চনৰ সমিতি পঞ্জীয়ন আইনৰ ২১ নং দফা আৰু ইয়াৰ আদাৰত গৃহীত বিধিৰ অধীনত স্থাপিত এক বিধিসন্মত নিকায়ৰ ৰূপত অসম সংখ্যালঘূ উন্নয়ন পৰিষদ গঠন কৰা হৈছে। ১৯৮৫ চনৰ ১৩ জুনত পি এল বি ৩৪০/৮৪/৩১ নং অধিসূচনা যোগে আনুষ্ঠানিকভাৱে স্থাপিত হোৱা এই পৰিষদৰ পঞ্জীয়ন হৈছিল১৯৮৫ চনৰ ৪ এপ্ৰিল তাৰিখে। মূলতঃ অসমত অধিসূচিত ৬ টা সংখ্যালঘূ সম্প্ৰদায়- মুছলমান, শিখ, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আৰু পাৰ্চী ধৰ্মাৱলম্বী লোকসকললৈ দাতব্য সেৱাৰ ৰূপত উন্নয়নমূলক কৰ্ম-আঁচনি ৰূপায়নেই এই পৰিষদৰ প্ৰধান উদ্দেশ্য। উল্লেখিত সম্প্ৰদায়সমূহৰ সাংবিধানিক অধিকাৰৰ সুৰক্ষা তথা এই সন্দৰ্ভত সন্মুখীন হব পৰা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত দিকদৰ্সন কৰাই এই পৰিষদে। অধিসূচিত সংখ্যালঘূ সমপ্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা-দীক্ষাৰ অগ্ৰগতি, নিয়োগ সম্ভাৱনীয়তা সৃষ্টিতো পৰিষদে অৰিহণা আগবঢ়াব। সংখ্যালঘূসকলৰ অৰ্থনৈতিক অনগ্ৰহতাৰ প্ৰকৃত কাৰণসমূহ ফঁহিয়াই চাই এনেবোৰ প্ৰত্যাহ্বান ওফৰোৱাৰ বাবে কৰ্ম-আঁচনি যুগোতোৱা, এনেবোৰ আঁচনি ৰূপায়নত অংশগ্ৰহণ কৰা তথা আঁচনিসমূহৰ মূল্যাংকণ কৰাত আগভাগ লয় পৰিষদে।