মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

এন.এছ.পি.ৰ পৃষ্ঠপোষকতাত জলপানি

দেশৰ ধৰ্মীয় সংখ্যালঘূ সম্প্ৰদায়ৰ প্ৰথম মানৰ পৰা দশম মানলৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত উদগনি দিয়াৰ উদ্দেশ্যে ভাৰত চৰকাৰে ৰূপায়ন কৰি থকা প্ৰাক-মেট্ৰিক পৰ্যায়ৰ জলপানি আঁচনিখন অসমত পৰিচালনা কৰিছে অসম সংখ্যালঘূ উন্নয়ন পৰিষদে।

অৰ্হতাঃ

  • পূৰ্বৱৰ্তী চূড়ান্ত পৰীক্ষা ৫০ শতাংশতকৈ কম পোৱা ছাত্ৰ-ছাত্ৰীসকলক এই জলপানি প্ৰদান কৰা নহয়।
  • পিতৃ-মাতৃ অথবা অভিভাৱকৰ বাৰ্ষিক আয়ৰ পৰিমাণ ১.০০ লাখ টকাৰ অধিক হব নালাগিব।
  • অধিসূচিত সংখ্যালঘূ সম্প্ৰদায়(যথা- মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধ, জৈন আৰু পাৰ্চী) ৰ ছাত্ৰ-ছাত্ৰীহে এই জলপানিৰ দাবীদাৰ হব।
  • ভাৰতৰ চৰকাৰী অথবা যোগ্যতাসম্পন্ন একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানত পঢ়ি থকা প্ৰথম মানৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েহে এই জলপানি লাভ কৰিব।
  • ৩০ শতাংশ জলপানি ছাত্ৰীসকলৰ বাবে আচুতীয়াকৈ ৰখা হব।
  • একেটা পৰিয়ালৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীতকৈ অধিকক এই জলপানি দিয়া নহব।