সংখ্যালঘূ সম্প্ৰদায়ৰ সামগ্ৰিক বিকাশঅৰাম্বিত কৰাৰ সক্ষ্যৰে অসম সংখ্যালঘূ উন্নয়ন পৰিষদে এলানি অৰ্থ-সামাজিক বিকাশ কাৰ্যক্ৰম ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰিছে।
সংখ্যালঘূসকলৰ বিকাশৰ গতি খৰটকীয়া কৰি অৰ্থ-সামাজিক উন্নয়ন সাধন কৰাৰ বাবে অসম সংখ্যালঘূ উন্নয়ন পৰিষদে সংখ্যালঘূ ৰাইজৰ মাজত কোতবোৰ গুৰুত্বপূৰ্ণ সা-সামগ্ৰী বিতৰণৰ উদ্যোগ লৈছে। পৰিষদে বিতৰণ কৰা সামগ্ৰীসমূহৰ তালিকা তলত উল্লেখ কৰা হল-
১) হস্তচালিত সেপয়াৰ মেশ্বিন
২) চিলাই মেশ্বিন
৩) ৰিক্সা
৪) মাছ বিক্ৰী কৰিব পৰাকৈ উপযুক্ত বাচনসহ বাইচাইকেল
৫) বয়-বস্তু পৰিবহন কৰিব পৰা তিনিচকীয়া বাহন
৬) তিনিচকীয়া অট’ৰিক্সা
৭) ঠেলা গাড়ী
৮) হুইল চেয়াৰ
৯) সৌৰশক্তি চালিত লেম্প
১০) ফিল্টাৰ
১১) ৫ অশ্ব শক্তি সম্পন্ন পাম্প ছেটt