মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সংখ্যালঘূৰ কল্যাণ আৰু উন্নয়ন অসম সংখ্যালঘূ উন্নয়ন পৰিষদ

সাফল্যৰ কাহিনী

অসম সংখ্যালঘূ উন্নয়ন পৰিষদে বিভিন্নধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচীৰে সংশ্লিষ্ট সম্প্ৰদায়ৰ যুৱক-যৱতীসকলক স্ব-নিয়োজনৰ বাবে নিজকে যোগ্য কৰি তোলাৰ বাবে উৎসাহিত কৰি আহিছে। আজিৰ তাৰিখত পৰিষদে ৰূপায়ন কৰা প্ৰশিক্ষণসমূহ হল- এ এন এম, জি এন এমৰ প্ৰশিক্ষণ, ফাৰ্মাচী শিক্ষাৰ ডিপ্লোমা আৰু স্নাতক পাঠ্যক্ৰম, ফিজিঅ থেৰাপী শিক্ষাৰ ডিপ্লোমা আৰু স্নাতক পাঠ্যক্ৰম, বি এছ চি নাৰ্চিং প্ৰশিক্ষণ, এয়াৰ হোষ্টেছ তথা হস্পিটেলিটী মেনেজমেণ্ট পাঠ্যক্ৰম, কম্বাইণ্ড প্ৰতিযোগিতামূলক পৰীক্ষা, বেংক আৰু ৰেল বিভাগৰ কাৰ্যালয়সহায়ক পদৰ প্ৰাক-নিয়োগ পৰীক্ষাৰ পাঠদান, কম্পিউটাৰ হাৰ্ডৱেৰ, নেটৱৰ্কিং আৰু ৱেব ডিজাইনিং প্ৰশিক্ষণ, বিউটী কালচাৰ তথা হেয়াৰ ড্ৰেচিং প্ৰশিক্ষণ, কম্পিউটাৰ এপ্লিকেশ্যন, প্লাম্বিং আৰু ইলেকট্ৰিচিয়ানৰ স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম, ফেশ্বন আৰু সাজ-পোছাক ডিজাইনিং প্ৰশিক্ষণ, মেডিকেল লেবৰেটৰী টেকনিচিয়ান প্ৰশিক্ষণ কাৰ্যক্ৰম।

সংশ্লিষ্ট সম্প্ৰদায়ৰ লোকসকলৰ অৰ্থ-সামাজিক উন্নয়নত হাত উজান দিব পৰাকৈ পৰিষদে এলানি সা-সামগ্ৰীও যোগান ধৰি আহিছে। তেনেবোৰ সা-সামগ্ৰীৰ ভিতৰত হস্তচালিত গুটি সিঁচা যন্ত্ৰ, চিলাই মেশ্বিন, ৰিক্সা, মাছ বিক্ৰী কৰিব পৰাকৈ বাচনসহ বাই চাইকেল, তিনিচকীয়া অট ৰিক্সা, ঠেলা গাড়ী, হুইল চেয়াৰ, সৌৰশক্তি চালিত হাত লেম্প, পানীৰ ফিল্টাৰ, ৫ অশ্ব শক্তি সম্পন্ন পাম্প ছেট।